জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Friday, April 16, 2021

এটি কথা কবিতাৰ দৰেঃ লক্ষ্য প্ৰহৰ বৰদলৈ

 12:12:00 PM     আত্মকথা     No comments   

 

...অকস্মাৎ মই; দুৰণিত এখন ঘন অৰণ্য দেখা পালোঁ৷ অৰণ্যখনৰ মাজেৰে চকুৰে মণিব পৰালৈকে এটা পোন দীঘলীয়া বাট৷ কিবা এক পুৰাতন আকৰ্ষণত মই যেন আগুৱাই গ’লো সেইফালে৷ তেনেতে দেখিলোঁ দীঘলীয়া পোন বাটটোৱে কেইবাটাও বাট হৈ পোৱালি মেলিছে৷ মই আচৰিত হ’লো৷ কথাবোৰ জুকিয়াই থাকোতেই ক’ৰ পৰা জানো এটি পখিলাই উৰি আহি ক’লে- “কোৱা, তুমি কোন বাটে যাবা?’’ মই বোবা হৈ ৰ’লো... পখিলাটোৱে কিছুপৰ ইফালে সিফালে উৰি থাকি মাজৰ পোন বাটটোৰে উৰি যাবলৈ ধৰিলে৷ ময়ো ব্যস্ত হৈ পখিলাটোৰ পিছে পিছে খোজ দিবলৈ ধৰিলোঁ৷ মোৰ পৰা কিছু দূৰৈত পখিলাটোৱে ইফালে সিফালে চাই চাই উৰি গৈ আছে৷ ময়ো গৈ আছোঁ পিছে পিছে৷ ইমান খৰকৈ খোজ কাঢ়িছোঁ, তথাপিও মই পখিলাটোৰ কাষ পোৱাগৈ নাই দেখোন! মাজে মাজে পখিলাটোৱে একেখিনি ঠাইতে কিছু সময় উৰি থকা যেন দেখোঁ, মনতে ভাবো খোজৰ গতি আৰু অলপ খৰ হ’লে কাষ পামগৈ নিশ্চয়! কিন্তু নাই... নাপাওঁহে নাপাওঁ৷ মই বৰ বিমুখ হওঁ...

বৰষুণো আহিবলৈ ধৰিছে... মোৰ গোটেই দেহ ভিজি গ’ল, কিন্তু পখিলাটোৰ পাখি দুখনিহে দেখোন নিভিজে৷ কি অদ্ভুত! লাহে লাহে এন্ধাৰ হৈ অহাত, মোৰ আশে-পাশে থকা গছ-লটিকাবোৰ দেখোন উজ্জ্বল হৈ পৰিছে! পখিলাটোও দুৰণিত নীলা নীলা দুপাখিৰে জিলিকি উঠিছে৷ ৱাঃ কি আ(ৰ্যকৰ দৃশ্য এয়া! গছৰ ডালত জিলিকি থকা ফল-মুলবোৰ দেখি মোৰ ইমান ভোক লাগিবলৈ ধৰিছে! কিন্তু ৰ’বও নোৱাৰো দেখোন! অকণমান ৰৈ গ’লেই পখিলাটো আৰু দূৰ হৈ যাব! যি হ’ব দেখা যাব বুলিয়েই, হাতত লৈ অনা মোনাটোত লৰা লৰিকৈ এসোপা ফল ভৰাই পেলালোঁ৷ ভাবিলোঁ বাটত গৈ থাকোতেই খাই খাই গৈ থাকিম৷ দূৰণিত পখিলাটো ৰৈ থকা যেন দেখা পাই ফলবোৰ খাই খাই মই আকৌ খৰ খোজেৰে আগুৱাই গ’লো! কিন্তু মোনাটোৰ ওজনৰ কোবত মই ভালকৈ খোজো কাঢ়িব পৰা নাই৷ তথাপি গৈ থাকিলোঁ৷ গৈ গৈ ৰূপালী পোহৰত জিলিকি থকা এটা জুৰি দেখিলো৷ মোনাটোৰ পৰা আন এবিধ ফল উলিয়াই খাই খাই মই আগলৈ খোজ দিলোঁ৷ অলপ পলম হ’লেই যে পখিলাটোক মই হেৰুৱাই পেলাম! ...আৰু তেতিয়া মই মোৰ বাট হেৰুৱাম!    

গোটেই ৰাতি তেনেকৈয়ে খোজ কাঢ়ি পিছদিনা ভাগৰত মই লেবেজান হৈ পৰিলোঁ৷ মোৰ দেহত যেন শক্তি নোহোৱা হৈ পৰিল৷ মোৰ বৰ পিয়াহ লাগিল... কিন্তু দূৰ-দূৰণিলৈকে পানী দেখিবলৈ পোৱা নাই৷ পখিলাটোক চিঞৰি চিঞৰি মাতিলোঁ মই, নাই কোনো উত্তৰ নাই... মই বৰ নিৰুৎসাহিত হ’লো৷ তেনেতে গোটেই অৰণ্যখনত গুঞ্জৰিত হোৱাদি পখিলাটোৱে মাত দিলেঃ “তুমি গছৰ ফলবোৰকে লৈ ইমান ব্যস্ত হৈ পৰিলা যে, পিয়াহৰ পানী এটুপি দেখিও নেদেখাৰ ভাও জুৰিলা! এতিয়া কিয় দুখ কৰা, তোমাৰ হাতখনলৈ এবাৰ চোৱাচোন, মোনাটো দাঙি দাঙি তোমাৰ হাতৰ আঙুলিবোৰেৰে তেজ বিৰিঙিছে!’’ মই চালোঁ, ঠিকেইতো, মোৰ আঙুলিবোৰৰ ছালবোৰ ছিঙি যাবলৈ ধৰিছে৷ নাই, তথাপি মই এই মোনাটো পেলাই দিব নোৱাৰো, কি ঠিক আগলৈ আকৌ গছৰ ফল দেখিবলৈ পাওঁ নে নাপাওঁ! এইবাৰ মই আনখন হাতেৰে মোনাটো দাঙি লাহে-ধীৰে আগবাঢ়িলোঁ৷ পখিলাটো তেতিয়াও মোৰ পৰা কিছু দূৰৈত...    

অকস্মাৎ মই এটা জুৰি দেখা যেন পালোঁ... জুৰিটোৰ কাষলৈ মই লৰি গ’লোঁ৷ কিন্তু জুৰিটোৰ পানীখিনি খোৱাৰ উপযোগী নাছিল৷ বৰ লেতেৰা পানী বৈ আহিছিল৷ তাৰ পানী খোৱাটো ভাল নহ’ব বুলিয়েই তাৰ পৰা মই আগলৈ খোজ দিলোঁ৷ কিছু দূৰ যোৱাৰ পিছত গোটেই অৰণ্যখনত পখিলাটোৰ মাতটো পুনৰ ভাহি উঠিল৷ পখিলাটোৱে ক’লে, ‘‘তুমি সেই জুৰিৰ পানীখিনি কিয় নাখালা? তোমাৰ দেখোন পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছিল বুলিছিলা?’’ মই তেতিয়া ক’লোঁ যে পানীখিনি বৰ লেতেৰা হৈ আছিল৷ ইমান লেতেৰা পানী খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ তেতিয়া পখিলাটোৱে ঠাট্টাৰ সুৰতেই ক’লে, ‘‘তুমি বৰ ভুল কৰিলা... আগলৈ তুমি পানী খাবলৈ এনে কোনো জুৰি নাপাবা৷ সেই জুৰিটিৰ পাৰতেই ক্ষন্তেক ৰৈ দিয়া হ’লেই নিৰ্মল পানী বৈ অহা দেখিবলৈ পালাহেঁতেন!’’ কথাষাৰ শুনিয়েই মই পিছফালে ঘূৰিবলৈ ল’লোঁ জুৰিটোলৈ পুনৰ উভতি যাওঁ বুলি৷ কিন্তু মই ঘূৰিযাব নোৱাৰোঁ দেখোন! ভৰি দুখনো মই পিছলৈ নিব নোৱাৰো! মই বৰ অস্থিৰ হৈ পৰিলোঁ৷ মোৰ ভৰি দুখন যেন বান্ধি পেলাইছে কিহবাই৷ মই মাত্ৰ আগলৈহে খোজ দিব পাৰোঁ দেখোন৷ ভাবিলোঁ, মই সোনকালে এই অৰণ্য অতিক্ৰম কৰিবই লাগিব৷ নহ’লে যে মই পিয়াহত মৰিয়েই থাকিম৷ সেই ভাবিয়েই, বৰ কষ্ট হোৱাৰ স্বত্বেও মই খৰ খোজেৰে আগুৱাই গ’লোঁ পখিলাটোৰ ওচৰলৈ বুলি৷    

তেনেতে মোৰ ঠিক কাষতে, ডাৰউইনৰ গালাপাগছত থকা কাছবোৰৰ দৰে বিৰাট এটা বুঢ়া শামুকে ভেকাহি মাৰি ক’লে, ‘‘তুমি যিমানেই খৰ খোজ নিদিয়া কিয় সোণাই, সৌ পখিলাটি তোমাৰ পৰা সদায় ইমানখিনি দূৰত্বত থাকিয়েই বিচৰণ কৰিব৷ তুমি মাত্ৰ এটা দিনতহে তাৰ কাষ পাবগৈ পাৰিবা!’’ এইবুলি কৈ শামুকটো অন্তৰ্ধান হৈ পৰিল! ...আৰু মই দুখে ভাগৰে খোজ দি গৈ থাকিলোঁ...    

অৱশেষত মই পখিলাটোৰ কাষ পালোঁগৈ... পখিলাটোৰ কাষ পায়েই দেখিলোঁ মই খোজ দিয়া বাটটো দেখোন সেইখিনিতেই শেষ হৈছে৷ সমূখত দ খাৱৈ যেন, এন্ধাৰ আৰু ধোঁৱাৰে আৱৰা! নীলা পখিলাটোৱে তেতিয়া ক’লে, ‘‘তোমাৰ আৰু মোৰ এই যাত্ৰা ইমানতেই শেষ হৈছে৷ তুমি চকু মেলাৰে পৰা, তোমাৰ প্ৰতিটো খোজত মই আশে-পাশেই থাকিলোঁ৷ জানো তুমি চকুৰে কমকৈ দেখা, কিন্তু ভাবিছিলোঁ মনৰ চকুৰে তুমি সকলো মণিব পাৰা৷ মই ভুলকৈ ভাবিছিলোঁ৷ আহি থকা বাটত এচলু পানী দেখিও তুমি পি নাখালা, পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যোৱা বোলাত আন এটি জুৰিও মই বোৱালোঁ৷ লেতেৰা বুলি আওকাণ কৰিলা৷ হাতত অযথা ইমান ফল কঢ়িয়াই ভাগৰুৱা হ’লা, আঙুলিৰে তেজ বোৱালা... ইমান ধুনীয়া এই বাটটি তুমি সেই আৰম্ভণিতেই যি উপভোগ কৰিলা... শেষলৈ তুমি ভাগৰত জুৰুলা হ’লা... তুমি অবাবত ইমান কষ্ট কৰিলা... এই ফলখিনি এতিয়া কেনেকৈ খাবা?’’    

কথাবোৰ শুনি মই থৰ হ’লোঁ৷ ভয়ে ভয়ে মই পখিলাটোক সুধিলোঁ, ‘‘তুমি কোন?’’ তেতিয়া পখিলাটোৰ পাখিবোৰ বিৰাট এখন নীলা চাদৰৰ দৰে হৈ পৰিল৷ সৰু সেই পখিলাটোৱেই এটা প্ৰকাণ্ড পখিলালৈ ৰূপান্তৰিত হ’ল আৰু গোটেই অৰণ্যখনত গুঞ্জৰিত হোৱাকৈ কৈ গ’লঃ     

‘‘মই অনাদি, মই অনন্ত, চিৰশ্বাস্বত এন্ধাৰ আৰু পোহৰ যিদৰে অলংঘনীয়, ময়েই অক্ষয়তূণ! ময়েই কৰ্ম, ময়েই ধৰ্ম আৰু সৃষ্টিৰ আধাৰ মই... আজিলৈ যাক কোনেও সলনি কৰিব পৰা নাই, মই অপ্ৰতিৰোধ্য, অসীম সৌৰ্য-বীৰ্যও যাৰ ওচৰত নতমস্তক হৈ ৰয়, ময়েই ‘সময়’! তোমাক বিদায়...’’

কথাষাৰ শুনি মোৰ চকুৰে দুধাৰি চকুলো বৈ আহিল... আৰু মই উপঙি ৰ’লোঁ ধোঁৱাৰে আৱৰা এই এন্ধাৰ দ খাৱৈত চিৰদিনৰ বাবে...

(লক্ষ্য প্ৰহৰ বৰদলৈৰ ‘এটি কথা কবিতাৰ দৰে’ লেখাটি ছপা মাধ্যমত ই্তিমধ্যে প্ৰকাশিত)

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, September 7, 2020

জধামূৰ্খঃ অনুপ বৰফুকন

 1:41:00 PM     আত্মকথা     No comments   


মই এইটো কথা ভালকৈ জানো যে মোৰ আশে-পাশে থকা বহুত মানুহতকৈ মই বহুত কিবা-কিবি বেছিকৈ জানো, যিবোৰ তেওঁলোকে নাজানে৷ ...আৰু কেতিয়াবা যে   জানিব পাৰিব তাতো খুব সন্দেহ আছে৷ তথাপি মই সদায় নিজকে এটা জধামূৰ্খ  বুলিয়েই জ্ঞান কৰি আহিছোঁ৷ সঁচা কথা ক’বলৈ গ’লে কেতিয়াবা মই বৰ বেঙা মানুহৰ   দৰেও প্ৰশ্ন কৰোঁ৷ সৰুৰে পৰাই মই খুব প্ৰশ্ন কৰোঁ৷ কাষত কাকো নাপালে মই নিজকেই প্ৰশ্ন কৰি কৰি একে ঠাইতে বহুসময় ধৰি বহি থাকোঁ৷ নিজক প্ৰশ্ন কৰাৰ বাদে যেতিয়াই মই আনক প্ৰশ্ন কৰিছোঁ সদায় ঠাট্টাৰ সন্মুখীন হৈছোঁ৷ সৰুৰে পৰাই৷ ইমান ঠাট্টা সহ্য কৰি কৰি জীৱনৰ ইমানবোৰ বছৰ পাৰ কৰিব পৰাটো কম ডাঙৰ কথা নহয়! তথাপি মোৰ এই স্বভাৱৰ কোনো সালসলনি হোৱা নাই৷

সৰুতে আনকি লেপ চিলাই কৰা মানুহজনৰ আঙুলিত ষ্টিলৰ ধাতু এটুকুৰা কিয় লগাই লয়, সেই প্ৰশ্নও মই কৰি থৈছোঁ৷ গৰুৰ গাখীৰ খীৰাওতে কিয় জগা দি বিচনীৰে বিচি থাকিব লাগে, সেই প্ৰশ্নও মই কৰিছোঁ৷ ৰিক্সাখন চলাওতে অকণমান দূৰ কিয় ঠেলি ল’ব লাগে, তাকো মই সুধিছোঁ৷ সৰুতে কিবা ফলৰ গুটি গিলি দিলে যেতিয়া ডাঙৰে কয়, কাণেৰে-নাকেৰে গছ গজিব বুলি, আমাৰ পেটৰ ভিতৰত মাটি আছে নেকি বুলি প্ৰশ্ন কৰি গছ নগজালৈকে বহুবাৰ অপেক্ষাও কৰিছোঁ৷ গজিব বুলি কোৱা গছ কিয় গজা নাই সেই প্ৰশ্নও কৰিছোঁ৷ বহুত কথাই সুধিছোঁ, যিবোৰ হয়তো আপুনি কোনোদিনেই; লাজতেই হওক বা অন্য কোনো কাৰণতেই হওক কাকো সুধি পোৱা নাই! আজি হাতৰ টিপতে গুগলৰ দৰে এটা মহাজ্ঞানীৰ ভাষণ শুনিব পৰা অৱস্থাৰ পিছতো মই মানুহক প্ৰশ্ন কৰোঁ! ...আৰু পাওঁ ঠাট্টাসূচক মন্তব্য! এনে ঘটনা সঘনাই ঘটিবলৈ ল’লে, মানুহে মানুহক প্ৰশ্ন কৰাই বন্ধ কৰি দিব দেখোন [মোৰ কথা বেলেগ]? মানুহে মানুহক প্ৰশ্ন কৰিবলৈ লাজ পাব এদিন! ...আৰু মানুহে কয় ইয়াত আন্তৰিকতাৰ অভাৱ?

কেতিয়াবা কোনোবাই প্ৰশ্ন কৰিলে, ঠাট্টাসূচক মন্তব্যৰ পৰিৱৰ্তে যিখিনি জানে সেইখিনি কওক৷ কোনে জানে কোনোদিন আপুনিও তেওঁক প্ৰশ্ন কৰিবলগীয়া হ’ব পাৰে! সেইদিনা যদি একেই ঠাট্টাৰ সন্মূখীন আপুনিও হয়? তাতে যদি তেওঁ আপোনাতকৈ বয়সত সৰু হয় তেতিয়া?

আপোনাৰ বাবে তেনেই নগণ্য কথা এটা আন এজনৰ বাবে বহুত ডাঙৰ কথাও হ’ব পাৰে! মোৰ ক্ষেত্ৰত ‘ঠাট্টা’ই সদায় ভাল কামেই কৰি আহিছে, কিন্তু অন্য এজনৰ ক্ষেত্ৰত সেই কাম নকৰিবও পাৰে! মই দিওঁ নেকি আপোনাক ব্ৰহ্মপুত্ৰৰ মাজত  পেলাই? কেনেকৈ জীয়াই থাকিব? সৰু মাছ এটাক পেলাই দিওঁচোন... সি তাতেই জীয়াই থাকিব৷ কথাটো ঠিক তেনেকুৱা...

Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Friday, June 8, 2018

জীৱন হেনো জীৱনৰ দৰেইঃ তুলিকা নিৰ্মলীয়া

 11:31:00 PM     আত্মকথা     2 comments   


কথা অলপ আছিল... ভাবিছিলোঁ ৰাতিপুৱাৰ ফিকা চাহ কাপৰ সৈতে তিয়াই খাম! নতুবা আবেলিৰ ইলাচী দিয়া চাহ কাপৰ সৈতে চোবাই চোবাই খাম! অথবা মাজনিশা আকাশৰ সৈতে চুপতি! ভবাৰ দৰে একোৱেই নহ’ল! ভাবিছিলোঁ কথাবোৰ ভগাই লওঁ। ঘড়ীত গতি আছিল, সময় নাছিল!!

কথাবোৰ! জীৱনৰ কথাবোৰ! খুবেই আমোদ লগা! জীৱনৰ আৰম্ভণি কেতিয়া হয়? সেই অন্ধকাৰ গহ্বৰত থিতাপি লোৱাৰ দিনা নে অন্ধকাৰ গহ্বৰৰপৰা নাড়ীৰ বান্ধ চিঙি পোহৰলৈ ওলাই অহাৰ দিনা?

জীৱন মানে নো আচলতে কি? নোপোৱাৰ হাহাকাৰ নে প্ৰাপ্তিৰ অহংকাৰ? কিমান যে কথা! কথাৰ কথা। স্মৃতিৰ কোলাত কথাবোৰে উমনিত বহে মাজে মাজে! হৰেক ৰকমৰ কথাৰ পোৱালিবোৰৰ জন্ম হয় নতুনকৈ! …… খোজ কাঢ়ে, পাখি গজে…। আৰু এদিন জীৱনক গতি দিয়ে! মনৰ ভিতৰত খলকনি তুলি থকা কথাবোৰ ভগাই ল'ব খুজিলেও শব্দবোৰ শুকাই কঁৰাল মাৰে। কষ্ট হয়, যেতিয়াই তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠা অনুভৱখিনিক শব্দেৰে, কথাৰে আকাৰ এটা দিব নোৱাৰো। 'কিয় নোৱাৰো' বুলি প্ৰশ্ন এটাই গঢ় ল'ব লওঁতেই বিষাদবোৰে বুকুৰ গৰা খহায়, আৱেগৰ নদী বয়! কুঁ কুঁৱাই মাকৰ বুকুত সোমাই আদৰ বিচৰা কুকুৰ পোৱালি এটাৰ দৰে কাৰোবাৰ বুকুত মুখ গুজি শুই পৰিবৰ হেঁপাহ জাগে। সেয়াই তো আছিল মোৰ চিৰন্তন হাবিয়াস- নামহীন আদৰৰ চাদৰে নিজকে মেৰিয়াই আপোন কোনো এক গোন্ধ নাকেৰে টানি টানি বুকুলৈ উজাই লৈ শুই পৰিম…!

এতিয়া দেখোন গভীৰভাৱে কোনো কথাকেই অনুভৱ কৰিবৰ মন নাযায়। ভাবিলেও সকলোবোৰতেই যেন মোৰ খোকোজা! কি বিচাৰো জীৱনৰ পৰা তাকো নাজানো। নিচিনো বাট- কেনি যাম, কেনি যোৱা উচিত! সকলোতে আলি দোমোজা। পুৱাৰ সূৰুযে ভুমুকি মাৰিলেই নিখোজ হ'ব খোজা কোনোবা বিন্দাছ মিচিলত চামিল হ'বলৈ মন যায়। মন যোৱাৰ পিছত আৰু মই নিজৰো অনুমতি নলওঁ! নিয়ন্ত্ৰণহীন সেই গতিময়তা!

এন্ধাৰলৈ বাট চাওঁ। পোহৰ মানেই তো অভিনয়। বগা, নীলা, হালধীয়া… আৰু কেতিয়াবা গুলপীয়া। তেজপিয়াৰ দৰে ৰং সলাই পোহৰে! এন্ধাৰ সত্য আৰু শান্ত। এন্ধাৰতহে পাৰি মিছাৰ পোচাক খুলি সত্যৰ আয়নাত নিজক চাবলৈ, অভিনয়ৰ আচ্ছাদন খহাই থৈ নিজৰ সন্মুখত আবুৰহীন হৈ ঠিয় দিবলৈ, চকুত চকু থবলৈ।

শিল হৈ গজাৰে পৰা কথাবোৰ সহজ হৈ পৰিছে। জটিল বুলি ভবা কথাবোৰো। আবেলিৰ ফাটি পৰা বেলিটোৰ সুমথিৰা ৰং গচকি দৌৰিছে কথাবোৰ। ওভতি আহিব কথাবোৰ! হয়তো অলপ নতুনক লৈ, নতুবা অলপ পুৰণি হৈ! কথাবোৰেই তো জীৱন! কথাবোৰেই গতি… এন্ধাৰৰপৰা পোহৰলৈ, পোহৰৰৰপৰা এন্ধাৰলৈ। উভতি আহিব কথাবোৰ কিছু প্ৰতিশ্ৰুতি, কিছু সম্ভাৱনা লৈ; অলপ প্ৰতাৰণা, অলপ অনিশ্চয়তা হৈ! সকলোবোৰ সামৰি গতি ল'ব জীৱনে! জীৱন জীৱনৰ দৰেই!
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Sunday, November 8, 2015

হোষ্টেল, ৱাল মেগাজিন আৰু স্বীকৃতি: ড° সমাদৃতা গোস্বামী

 1:57:00 PM     আত্মকথা     No comments   


(১) ভাৰ্চিটি উইকৰ সময়ৰ কথা। মোৰ হাজাৰ আপত্তি স্বত্বেও মোক হোষ্টেলৰ ৱাল মেগাজিনৰ সহ-সম্পাদিকাৰ দায়িত্ব দিলে। দিপাৰ্টমেণ্টৰ ৱাল মেগাজিনৰ কামত ইমানেই কষ্ট কৰি আছিলো যে জানিছিলো হোষ্টেলত সময় দিব নোৱাৰিম। এদিন সম্পাদিকাই আহি ক’লে কোনেও লেখা দিয়াই নাই হেনো। ডাইনিং হলত আমি সকলো ছোৱালীকে নম্ৰভাৱে অনুৰোধ কৰিলো যাতে লিখনি দিয়ে। পিছে কোনেও নিদিলে।
এদিন গৈ ডাইনিং হলত মই দম দি ক’লো যে তিনিদিনৰ ভিতৰত লিখনি লাগিবই। যিয়ে নিদিয়ে, তেওঁ দহ টকা জৰিমনা ভৰিব লাগিব। জৰিমনা দিব লাগিব ৱাৰ্ডেন বাইদেউক আৰু লগতে এটা সঠিক কাৰণ দৰ্শাব লাগিব কিয় লিখনি দিব পৰা নাই।
সম্পাদিকাই মোক ক’লে এনেকৈ কাম দিব জানো। লিখিব নজনাবোৰে কেনেকৈ লিখিব?
মই ক’লো কাম দিব। একো নোৱাৰিলেও চিঠি লিখিলেও হ’ব। মুঠতে তাৰ মাজৰ পৰাই ভাল কিবা এটা ওলাব, চাবিচোন। 
মই এনেকৈ কৈ তাইক আস্বস্ত কৰিলো যদিও মোৰ চিন্তা হ’ল, ছোৱালীবোৰটো কেচুৱা নহয় যে মোৰ কথাত ভয় খাব!
মৌচুমীয়ে ক’লে ‘‘মই হ’লে লিখিব-চিখিব নোৱাৰো দেই। পইচাই দিম মই।’’
‘‘দিবি পইচা, ৱাৰ্ডেন মেমক। কাৰণটো এতিয়াই ভাবি থ।’’
বাকী ছোৱালী কিছুমানে ক’লেহি ‘‘এইবোৰ কি নিয়ম কৰিছ’? হোষ্টেলৰ ডন নেকি তই! নিদিও যা লিখা-চিখা। কিমান পইচা লাগে ক, আমি দিবলৈ সাজু আছো।"
‘‘মোক নহয়, ৱাৰ্ডেন মেমক দেগৈ যা।’’
মই গহীনকৈ কওঁ।
কোনেও গম নাপায় যে এইবোৰ আমাৰ সব সাজি কোৱা কথা।
ৱাৰ্ডেন মেমে একো গমেই নাপায়।
নয়নীয়ে আহি মোক ক’লে, ‘‘মই গানহে গাওঁ, লিখিব-চিখিব নাজানো নহয়।’’
‘‘চেষ্টা কৰ। কবিতা এটাকে লিখিবলৈ চেষ্টা কৰ।’’
মৌচুমীয়ে আকৌ আহি ক’লেহি, ‘‘ক চোন মোক টপিক এটা, কেমেষ্ট্ৰীৰ।’’
‘‘কিয়, তই জানো এন্টিঅক্সিডেন্টৰ ওপৰত চেমিনাৰ দিয়া নাই? সেইখিনিকে কাগজ এখনত লিখি দিবি।’’
তিনিদিনৰ পাছত সম্পাদিকাই মূৰে-কপালে হাত দিলে। মোক শীঘ্ৰে তাইৰ ৰুমলৈ মাতিলে।
দেখিলো এশ বিশ, ত্ৰিশ জনী ছোৱালীৰ লেখা লৈ তাই কিংকৰ্তব্য বিমূঢ় হৈ বহি আছে।
তাই চিঞৰি ক’লে, ‘‘এই সোপা চাম কেনেকৈ? তই কি কৰ’ কৰ্। গোটেই সোপা জাবৰ।’’
মোৰ মুখত হাঁহি বিৰিঙিল। এটা মিশ্যনত চাকচেচ্।
‘‘জাবৰৰ মাজৰ পৰাই দেখোন খাবলৈ নোপোৱা শিশুবোৰে সিহঁতৰ বাবে উৎকৃষ্ট খাদ্য বিচাৰি লয়।’’—তাইক নৰমকৈ ক’লো। 
‘‘আগতে স্কুলত পোণা চাৰে কৈছিল, কিছুমান মানুহ ইমান দুখীয়া হেনো ধনীবোৰে কেতিয়া ৰুটী খাই পুৰি যোৱা অংশবোৰ বাহিৰত পেলায়, সেই সময়লৈ ৰৈ থাকে। সিহঁতৰ বাবে পোৰা ৰুটীবোৰেই খাদ্য’’ বুলি ক’বলৈ লৈও মই বেছি অহংকাৰ কৰাৰ ভয়তে নক’লো। 
ৱাল মেগাজিনে এটাও পুৰস্কাৰ নাপালে গোটেই ছোৱালীজাকে আৰু ৱাৰ্ডেন মেমে মোক সঁচাকৈ জৰিমনা ভৰোৱাব! এতিয়া কাম হ’ল পোৰা ৰুটীৰ পৰা অলপ ভালবোৰ বাচি উলিওৱা। বিশ মিনিটমানতে বাচি হৈ গ’ল। চাওঁ, প্ৰথম দুষাৰি পঢ়ি দেখো সেয়া পোৰা ৰুটীও নহয়, একেবাৰে হজম হোৱাৰ পিছত শৰীৰে বৰ্জিত কৰাখিনি। সেইবোৰ মই দলিয়াই গ’লো এফালে। যিখিনি ভাল যেন ওলাল তাত আমাৰ মগজৰ ঘিঁউ অলপ সানি খাব পৰা কৰি দিলো। ‘‘মোৰ কাম শেষ। এতিয়া বাকী কাম খিনি তই কৰিবি। মোৰ সময় নাই আৰু মোৰ নামটো সহ-সম্পাদিকাৰ পৰা কাটি দিবি’’ বুলি কৈ মই দিপাৰ্টমেন্টৰ কামত ব্যস্ত হৈ পৰিলোহি।

(২)
সেই সময়ত শয়নে-সপোনে মোৰ গোটেই সময়খিনি কাঢ়ি লৈছিল ৰসায়ন বিজ্ঞান বিভাগৰ ৱাল মেগাজিনে। মই আৰু মানস ব্যস্ত আছিলো লেখাবোৰ ৰিফাইন কৰাত। মানস আছিল এনে এটা মানুহ, কোনোবাই যদি কবিতা লিখিছে— ‘‘টোপাটোপে সৰে দুখ’’, সি বনাই পেলায়— ‘‘মই ম’ম, জ্বলি শেষ কৰিছো বুকুৰ বিষাদ...’’। লিখা জনেও কবিতাটো কোনে লিখা চিনি নোপোৱা হয়। মই আনৰ গল্প, প্ৰবন্ধবোৰত মোৰ মগজ চলাই ভাগৰি গৈছিলো। স্মৃতাক্ষী, অৰ্চনা, মনিষা, নাজিমা, দেবী, কস্তুৰিকা, এনিশা কাৰোৰে খাবলৈও সময় নোহোৱা হৈছিল। ৰিপুঞ্জয়ে সব লেখা এটা এটাকৈ পঢ়ি ছবিবোৰ আঁকিছিল। আমি চিনিয়ৰখিনিক কৈছিলো লেখা দিবলৈ। কিন্তু কোনেও নিদিলে। সম্পাদক ঠিক হোৱা নাছিল। মানসে তথাপি সম্পাদকীয় লিখি থৈছিল, লিখাটোৰ লগত মিলাই ৰিপুঞ্জয়ে ছবিও আঁকিলে। সম্পাদক হোৱাৰ হাবিয়াস কাৰো নাছিল। আমাৰ লক্ষ্য আছিল ৱাল মেগাজিনখন ভাল হ’বই লাগিব। কিয়নো আমাৰ ৰসায়ন বিজ্ঞান বিভাগটোক সকলোৱে ‘হাৰুৱা পাৰ্টী’ বুলিয়েই জানিছিল। আমি সকলো প্ৰতিযোগিতাতেই সদায় হাৰিছিলো। আশা আছিল যদি কেৱল ৱাল মেগাজিনখন।

(৩)
এদিন হোষ্টেললৈ উভতি আহোঁতে চিনিয়ৰ বাইদেউ এগৰাকীয়ে মোক খুব গালি দিলে সহ-সম্পাদিকা হৈ সম্পাদিকাক অকণো সহায় কৰা নাই হেনো। ময়ো বোলো মইতো নাম কাটি দিবলৈ কৈছো! ‘‘তই ক’লেই হ’ব নেকি? আমি সকলোৱে তোক দায়িত্ব দিছো, পালন কৰ, সময় দে হোষ্টেলৰ মেগাজিনত।’’ মই তেতিয়া অভাৱী আছিলো কেৱল সময়ৰ। ‘‘মই নোৱাৰিম, নাম আঁতৰাই দিবি’’—বুলি পুনৰ সম্পাদিকাক ক’লো। ‘হাৰুৱা পাৰ্টী’ক জিকোৱাৰ প্ৰয়াসত হোষ্টেলৰ চিনিয়ৰসকলৰ খঙৰ কাৰণ হ’লো। হোষ্টেলত যেনিয়েই যাওঁ সবৰে গালি! গৰুৰ নিচিনাকে গিলি থ’লো সকলো। পাগুলিবলৈ সময় নাই মোৰ।

(৪)
দিপাৰ্টমেন্টৰ ৱাল মেগাজিন প্ৰায় সম্পূৰ্ণ। সম্পাদকৰ নাম, সহায়কাৰীৰ নাম এইখিনি লিখিবলৈহে বাকী আছিল। কিন্তু…
আমি দীঘলকৈ উশাহ এৰি বহুতদিনৰ মূৰত কেন্টিনত খাবলৈ ওলালো। চিনিয়ৰ এজনে চকু ৰঙা কৰি মোক একো ক’বলৈ সুযোগ নিদি গালি পাৰিলে, ‘‘নিজকে কি বুলি ভাবিছ’? সাহিত্যক? আমিও লিখিব জানো। তঁহতৰ উৎপাত বাঢ়িছে। কেনেকৈ মেগাজিন উলিয়াৱ চাম ৰহ্...’’। ইফালে বাকী চিনিয়ৰ কেইজনমানে মানসক ক’লে, ‘‘সম্পাদক দেখাবলৈ আহিছ? আমাক একো নজনোৱাকৈয়ে, আমাক সন্মান নকৰাকৈয়ে মেগাজিন উলিয়াবি? সম্পাদক কোন হ’ব সেয়া আমি নিৰ্ধাৰণ কৰিম। আজিৰ পৰা ৱাল মেগাজিনত হাত দিব নোৱাৰ।’’ একেধৰণেৰে ৰিপুঞ্জয়কো গালি পাৰিলে। সেইদিনা কেন্টিনত আমাৰ খোৱা নহ’ল আৰু। যিটো হলত আমি মেগাজিনৰ কাম কৰিছিলো তাৰ তলাৰ চাবি চিনিয়ৰসকলে লৈ থ’লে। আমিতো আৰু দক্ষিনৰ চিনেমাৰ হিৰ’ নহয় যে সকলো পৰিস্থিতিতে জয়ী হ’ম; মনত আমাৰ বৰ বেজাৰ লাগিল। আমি আলোচনা কৰিলো আমাৰ কাম প্ৰায় হৈছিলেই। গতিকে তেওঁলোকে যি কৰে কৰক। দিপাৰ্টমেন্টৰ ভালৰ কাৰণেহে আমি ইমান কষ্ট কৰিছিলো। এতিয়া এই সময়ত আমি সিহঁতৰ লগত যুঁজ কৰিলে দিপাৰ্টমেন্টৰেই বদনাম হ’ব। ‘‘আমি আঁতৰি দিয়াই ভাল হ’ব’’—চলচলীয়া চকুৰে মানসে ক’লে। পোন্ধৰ বিশদিন ধৰি লালন পালন কৰা সন্তানটি মাহীমাকৰ হাতত তুলি আমি উদাস মনেৰে হোষ্টেলমূৱা হ’লো। এতিয়া আমাৰ হাতত পৰ্যাপ্ত কিবা আছিল যদি, সেয়া সময়। হোষ্টেলত আৰ-তাৰ মুখৰ পৰা গম পালোঁ হোষ্টেলৰ মেগাজিন সম্পূৰ্ণ হৈ গ’ল। মই যিহেতু সহ-সম্পাদিকাৰ নামত একোৱেই নকৰিলো আৰু নাম কাটিবলৈকে কৈছিলো, গতিকে মেগাজিনখন ৱালত লগোৱাৰ আগত নাচালোগৈও।

(৫)
ৰংঘৰত বহি আছো। ৰংঘৰ মানে আমাৰ বিশ্ববিদ্যালয়ৰ অডিট’ৰিয়াম। ৱাল মেগাজিনৰ ৰিজাল্ট ঘোষণা কৰিছে। ৰসায়ন বিজ্ঞান বিভাগ বেটুপাট অংকনত প্ৰথম। ৰসায়ন বিজ্ঞান বিভাগ অলংকৰণত দ্বিতীয়। ৰসায়ন বিজ্ঞান বিভাগ গল্পত দ্বিতীয়। ৰসায়ন বিজ্ঞান বিভাগ ৱাল মেগাজিনত দ্বিতীয় শ্ৰেষ্ঠ। হাত চাপৰিৰ মাজত সম্পাদিকাই হাঁহি হাঁহি পুৰস্কাৰ ল’বলৈ মঞ্চলৈ উঠি গ’ল। আমাৰ কষ্ট সাৰ্থক হ’ল। কিন্তু স্বীকৃতি পালে চিনিয়ৰখিনিয়ে। 

(৬)
হোষ্টেললৈ অহাৰ পাচত নয়নীয়ে আহি কৈছিল, তাইৰ কবিতাটো দ্বিতীয় হ’ল হেনো। আৰু কিবা-কিবিত হোষ্টেলৰ ৱাল মেগাজিনে পুৰস্কাৰ পাইছে। মই তেতিয়াহে গম পালো যে মই বাচি দিয়া নয়নীৰ কবিতাটোক সম্পাদিকাই ৱাল মেগাজিনত স্থান দিলে। তাতোকৈ ডাঙৰ কথা কবিতা নিলিখা ছোৱালী এজনীয়ে জীৱনৰ প্ৰথমটো কবিতা লিখিয়েই পুৰস্কাৰ পালে।
‘‘এতিয়া মই আৰু লিখিম।’’— নয়নীয়ে ক’লে।
নয়নীৰ চকুৰ তিৰবিৰণিয়ে মোৰো মনটো উজলাই পেলালে। তললৈ আহি মেগিজিনখন চালোহি। খুব সুন্দৰকৈ সঁজাই-পৰাই তোলা এখন মেগাজিন। মই বচা প্ৰায়বোৰ লেখাকেই স্থান দিলে। সোঁফালে তললৈ চাই সহ-সম্পাদিকাত যিটো নাম দেখিলো মনটো সেমেকি আহিল। মোৰ নামটো নাকাটিলে। একো নকৰাকৈয়ে মোক স্বীকৃতি দিলে। সেই স্বীকৃতি মোৰ বাবে শাস্তিহে আছিল।

(৭)
দিপাৰ্টমেন্টলৈ গৈ দেখো আমাৰ মেগাজিনখন ওলমি আছে, অথচ তাত আমাৰ কাৰোৰেই নাম নাই। দুদিনৰ পাছত দিপাৰ্টমেন্টৰ সম্পাদিকাই দ্বিতীয় শ্ৰেষ্ঠৰ পুৰস্কাৰটি মোৰ হাতত দি ক’লে যে সেই পুৰস্কাৰৰ আচল দাবিদাৰ মানসহে। গতিকে মই যাতে পুৰস্কাৰটি মানসক দিওঁ। মই মানসক এবাৰলৈও নোসোধাকৈয়ে তাইৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলো। মনে মনে ভাবিলো— ‘‘আপোনাৰ অলপ মান দেৰি হৈ গ’ল...’’। সামাজিকভাৱে স্বীকৃতি নিজে লৈ ব্যক্তিগতভাৱে উপযুক্তজনক প্ৰশংসা কৰি লাভ নাই। 

(৮)
দুটা পৃথক ঘটনা। এটাত আমাৰ কষ্টৰ ফচল আমি খাবলৈ নাপালো। আনটোত মই অকনো কষ্ট নকৰাকৈয়ে এটা ভঁৰালৰ মালিক হ’লো। দুয়োটা ঘটনাৰ অভিজ্ঞতাই দুটা কথাই শিকালে: 
সামূহিক স্বাৰ্থৰ বাবে আত্মস্বাৰ্থ বলিদান দিবলগীয়া হয়। যিমানেই ব্যস্ত নহওঁ লাগে কোনোবাই দায়িত্ব দিলে ব্যস্ততাৰ মাজতে সময় উলিয়াই দায়িত্ব পালন কৰিব লাগে।

(৯)
দুয়োটা ঘটনাই ২০০৭ চনৰ। পাচ-ছয়বছৰ মানৰ পিছত দিপাৰ্টমেন্টৰ সেই বছৰৰ ৱাল মেগাজিনখন নতুন ল’ৰা ছোৱালীখিনিয়ে অলপ চাই দিবলৈ ক’লে। কথা-প্ৰসংগত গৱেষক ছাত্ৰ এজনে ক’লে আমাৰ দিপাৰ্টমেন্টৰ ৱাল মেগাজিনখন এবাৰ হেনো খুব ভাল হৈছিল। বহুত পুৰস্কাৰো পাইছিল। প্ৰথম নে দ্বিতীয় হৈছিল। সম্পাদিকা ‘অমুক’ আছিল। বৰ সুন্দৰকৈ কৰিছিল হেনো। ছাৰ-বাইদেউহঁতে আজিও কয়। সেইদিনা মনটো মোৰ গধূৰ যেন লাগিছিল। সময় পাৰ হৈ গ’ল অথচ সময়ৰ লগতে আমাৰ কষ্টখিনি মানুহৰ অলক্ষিতেই থাকি গ’ল। আমি ম’ম হৈ আনক পোহৰাই নিজে জ্বলি জ্বলি শেষ কৰিলো বুকুৰ বিষাদ! সেইদিনাই ভাবিছিলো এইখিনি কথা মই এদিন নহয় এদিন লিখিবই লাগিব।

স্বীকৃতি অবিহনে মানুহৰ সকলো কষ্ট অসাৰ নেকি?
ওহোঁ, কথাটো আমি বেলেগ ধৰণেৰে ভাবিলো:
পৰিস্থিতিৰ সন্মূখীন হৈ, সামগ্ৰীকভাৱে ভালৰ কাৰণে অন্যায় সহ্য কৰিবলৈ আমি দিপাৰ্টমেন্টৰ ঘটনাটোৰ পৰাই শিকিলো। আমি মানুহক চিনিলো। আমি ইজনে-সিজনৰ প্ৰতিভাক চিনিলো আৰু গম পালো আমাৰ মাজত কিমান সহৃদয়তা, কিমান কষ্ট কৰাৰ শক্তি লুকাই আছে। দিপাৰ্টমেন্টৰ সেই ঘটনাটো আমাৰ কাৰণে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ দুবছৰৰ ক’লা অধ্যায় নহয়। স্বীকৃতি পোৱা হ’লে নিশ্চয় ভাল লাগিলহেঁতেন, কিন্তু সেই ঘটনাই আমাৰ জুনিয়ৰখিনিৰ মাজত একতা বঢ়ালে, আমাৰ মাজৰ বান্ধোন কটকটীয়া কৰিলে। ধুমুহা আহিলে, বিপদ আহিলে এখন ঘৰৰ মানুহখিনি একত্ৰিত হয়। সেয়ে জীৱনত বাধা-বিঘিনিও থাকিব লাগে। নহ’লে ইজনে-সিজনৰ মৰম, ত্যাগ, সহ্য শক্তিৰ উমানেই নাপায়। মানুহে আমাৰ কষ্টখিনি নেদেখিলে সঁচা, কিন্তু আমাৰ কষ্টৰ কাৰণেই সেইবছৰৰ ৰসায়ন বিজ্ঞান বিভাগৰ ৱাল মেগাজিনখন উজলিল আৰু আমাৰ ত্যাগৰ বাবেই আমি ইজনে-সিজনক লৈ আজিও গৰ্বিত।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Monday, October 26, 2015

জীৱন, সম্পর্ক, বলিয়ালি ,মৃত্যু ইত্যাদি: মিতালী নাথ

 11:48:00 AM     আত্মকথা     No comments   


শিশু এটি জন্ম হোৱাৰ লগে লগে সংগ্ৰাম কৰে এবুকু অক্সিজেন বিচাৰি। সেয়াই আৰম্ভণি জীৱন সংগ্ৰামৰ। অপৈণত ভৰি দুখনিয়ে মাটিত খোপনি পুতি ধৰি ৰাখিবলৈ সংগ্ৰাম কৰি কৰি এদিন সফল হয় খোজ কাঢ়িবলৈ। সেয়া মানৱ জীৱনৰ প্ৰথমটো সফলতা। মাৰ মুখৰ ভাৱ-ভংগী অনুকৰণ কৰি এদিন এনেদৰেই সফল হয় শব্দবোৰ ওঁঠত ফুটাই তুলিবলৈ। ইমান অপৈণত বয়সত আমি প্ৰত্যেকেই নিজৰ সাহসত জয়ী হ’ব পাৰিছিলো পৃথিৱীয়ে লোৱা তেনে জটিল পৰীক্ষা অথচ শাৰীৰিক আৰু মানসিকভাৱে সবল হৈয়ো আমি ডাঙৰ হৈ উঠাৰ পাছত বিফল হওঁ। আন্ধাৰত নিজৰ ছাঁটোৱেও লগ এৰা দিয়ে। গতিকে নিজেই নিজৰ ৰক্ষাকাৰী হ’বলৈ মই প্ৰতিদিনেই নিজক সাজু কৰি তোলো। বন্ধু তথা ঘৰখনে মাথোঁ আমাক প্ৰেৰণা দিব কিন্তু জীৱনৰ যুঁজখন যুঁজিব লাগিব আমি নিজেই। কেতিয়াবা হয়তো আমাৰ আপোনজনে আমাক এৰি থৈও যাবগৈ কিন্তু জীৱন যে ৰৈ নাযায়।

প্ৰেম হওক অথবা বন্ধুত্ব, ভুল বুজা-বুজিত কেতিয়াবা ভাঙি যায়। তেতিয়া যন্ত্ৰণাত, হতাশাত ভোগাটো স্বাভাৱিক কথা; কিন্তু সেই বুলি নিজৰ জীৱনৰ ক্ষতি কৰাটো জানো উচিত। মই মোৰ জীৱনৰ অভিজ্ঞতাৰে ইয়াকে শিকিলোঁ যে হতাশাই কেৱল মনটোকে অসুস্থ নকৰে শৰীৰো অসুস্থ কৰি তোলে। সেয়ে নিজৰ বাহিৰে আন এজনৰ ওপৰত নিজৰ জীৱনৰ সিদ্ধান্ত এৰি দিয়াটো ভুল। আৰু যি সম্পৰ্ক তথা কথাই আমাক মানসিক কষ্ট দিয়ে সেই মানুহ তথা কথাৰ পৰা নিজক সময় থাকোতেই আঁতৰাই আনা বুদ্ধিমানৰ কাম। অসুখী সম্পৰ্ক এটা জোৰ কৰি জীয়াই ৰাখিব খুজিলে অতি বেছি অসুখী হোৱাৰ বাটহে মুকলি কৰা হয়। সম্পৰ্ক হৈছে একোটা পোছাক কোন সময়ত ফিচিকি পৰে কোনো ভৰসা নাথাকে। কাপোৰখন ফলাৰ পাছত যিদৰে চিলাই ল’লেও পোছাকে আগৰ ৰূপটো ঘূৰাই নাপায়, সেইদৰে সম্পৰ্ক এটাত ঘূণে ধৰাৰ পাছত সেই সম্পৰ্কত জোৰা-টাপলি দিবলৈ চেষ্টা কৰিলেও এটা খুঁত থাকিয়েই যায়। নিজৰ পৃথিৱীত সেয়েহে নিজেই নিজৰ প্ৰেমিক, অভিভাৱক, বন্ধু সকলো। মোৰ বিশৃংখল জীৱন প্ৰণালী নিৰীক্ষণ কৰি বহুতেই কৌতুক কৰে কিন্তু মই তেতিয়া গৌৰৱ কৰো যে মোৰ জীৱন কিছু হ’লেও পৃথক আন দহজনতকৈ। মই আন দহজনে বিচৰা নিজক সজাই তুলি মোৰ নিজস্বতা হেৰুৱালে মোৰ নিজা বুলিবলৈ একোৱেইচোন নাথাকিব। আচলতে যিসকল মানুহে সমাজ তথা আনে বিচৰা দৰে নিজক সজাই ল’ব খোজে তেওঁলোকে নিজক চিনি নাপায় আৰু নিজস্বতা বুলিবলৈ তেওঁলোকৰ একোৱেই নাথাকে। মই মোক গভীৰভাৱে বুজি পাওঁ আৰু নিজক চিনি পাওঁ সেয়েহে মই মোক নিজে বিচৰা ধৰণেই গঢ়ি তুলিছো। সময়ে মোক শিকাইছে কোমল বুকুত হাজাৰটা কঠিন শিল ৰাখি কিদৰে মূৰ তুলি ঠিয় হ’ব লাগে এটা সেউজ পাহাৰৰ দৰে। প্ৰকৃতি মোৰ বাবে প্ৰেৰণা। কেতিয়াবা নিজৰ বাবে নিজে উন্মাদ হৈ সুখ সৃষ্টি কৰি লৈছো। জীৱনত কিছু বলিয়ালি নাথাকিলে জীৱনে যে ছন্দ হেৰুৱাই পেলাব। সেয়েহে মই মোৰ বিফলতাকো উদযাপন কৰোঁ আৰু নিজক কওঁ— শেষ উশাহ পৰ্যন্ত জীৱনক উপলব্ধি কৰিম। মই নিজক আজিও শিশু বুলি ভাবো, সেয়ে উজুটি খালেও মই আগুৱাই দিওঁ মোৰ দ্বিতীয়টো খোজ।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • আই: হীৰেন ভট্টাচাৰ্য
    (গৰ্কী শতবাৰ্ষিকী উপলক্ষে) আই! তোমাৰ স’তে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আঁচলেৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চোক ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog