জীৱন এনেদৰেই  | Jibon Enedorei - An Inspirational Journey | Assamese Blog
  • মূখ্য পৃষ্ঠা
  • শিতানসমূহ
  • ডাউনল’ড
    • বৈদ্যুতিন পুথি
    • কবিতা
  • দৈনিক বাতৰি কাকত
    • অসমীয়া বাতৰি কাকত
      • আমাৰ অসম
      • দৈনিক অসম
      • নিয়মীয়া বাৰ্তা
    • ইংৰাজী বাতৰি কাকত
      • Assam Tribune
      • The Sentinal
      • The Hindu
      • Assam Chronicle
  • আমাৰ বিষয়ে
  • DMCA
  • SITEMAP

Tuesday, November 3, 2015

এক আত্মসন্তুষ্টি মাথোঁ: পংকজ কুমাৰ পাৰৈ

 8:41:00 PM     সাময়িক প্ৰসংগ     No comments   


বৰ্তমান প্ৰতিযোগিতাৰ যুগ। শিক্ষা-সংস্কৃতি-ক্ৰীড়া প্ৰভৃতি সকলো ক্ষেত্ৰতে অব্যাহত আছে মাথোঁ প্ৰতিযোগিতা। প্ৰতিযোগিতাত সফল হোৱাটোৱেই যেন সকলোৰে কাম্য। কিন্তু লেখাটোত শিক্ষা সম্পৰ্কীয় কেইটামান কাৰকৰ বিষয়েহে আলোচনা কৰা হৈছে।

এটা নিৰ্দিষ্ট বয়সত এটি শিশুক বিদ্যালয়ত নাম লগাই দিয়া হয়। ইয়াৰ লগে লগে আৰম্ভ হয় শিশুটিৰ জীৱনৰ এক নতুন অধ্যায়। প্ৰথমে শিশুটিয়ে দুই এটা আখৰ লিখিবলৈ আৰু তাৰ পিছত অলপ অলপকৈ পঢ়িবলৈ শিকে। এটা সময়ত ই প্ৰাথমিক পৰ্যায়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ উন্নীত হয়। তাৰ পিছত লাহে লাহে মাধ্যমিকৰ দেওনা পাৰ হৈ উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অগ্ৰগতি লাভ কৰে। স্নাতক বা স্নাতকোত্তৰ পৰ্যায়তেই আৰম্ভ হয় সেই শিশুটিৰ জীৱনৰ গতিপথ নিৰ্ণয়ৰ লক্ষ্য। কাৰণ এই পৰ্যায়ৰ সফল প্ৰদৰ্শনেহে যুৱক বা যুৱতীগৰাকীৰ ভৱিষ্যৎ সফলতাৰ পথ প্ৰশস্ত কৰে। সেই উদ্দেশ্যে শিক্ষাৰ ব্যৱহাৰিক ক্ষেত্ৰখনত অনুষ্ঠিত কৰা হয় ‘পৰীক্ষা’ নামৰ এক বিশেষ প্ৰতিযোগিতা। এই পৰীক্ষাৰ একো একোটা ফলাফল থাকে। ফলাফল ভাল হোৱাটোৱেই প্ৰতিযোগিতাত সফলতাৰ ইংগিত দিয়ে। এই ফলাফলৰো আকৌ শ্ৰেণীবিভাগ আছে। যেনে প্ৰথম বিভাগ, দ্বিতীয় বিভাগ ইত্যাদি। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাজনৰ চাহিদা দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাজনতকৈ বেছি। এয়া হৈছে এক পৰম্পৰাগত প্ৰতিযোগিতাৰ নিয়মাৱলী। কিন্তু সাম্প্ৰতিক সময়ত এনেধৰণৰ পৰম্পৰাগত প্ৰতিযোগিতাৰ মূল্য কিমান? অথবা জীৱনৰ গতি নিৰ্ধাৰণত নাইবা এজন ভাল মানুহ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ এই পৰীক্ষাৰ ফলাফল প্ৰয়োজনীয় নে?


উদাহৰণস্বৰূপে বিশ্ববিদ্যালয় বা ইয়াৰ সমপৰ্যায়ৰ কেতবোৰ অনুষ্ঠানে মহাবিদ্যালয়সমূহত কেতবোৰ পৰীক্ষা অনুষ্ঠিত কৰে। এজন স্নাতক বা স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ বাবে এই পৰীক্ষা আৰু ইয়াৰ ফলাফল অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ ইয়াৰ পিছৰ পৰ্যায়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ নাইবা আত্মসংস্থাপনৰ বাবে সেই ছাত্ৰজনৰ এটা ভাল ফলাফল একান্তই কাম্য। যদি এইক্ষেত্ৰত তেওঁ ভবাৰ দৰে প্ৰথম বিভাগত শতকৰা ৮০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হয় তেন্তে তাকেই লৈ ছাত্ৰজনে বা ছাত্ৰীগৰাকীয়ে গৌৰৱ কৰিব পাৰে। লগে লগে তেওঁ আত্মসংস্থাপনৰ আশাৰে বিভিন্ন দপ্তৰত চাকৰিৰ বাবে আবেদন কৰিব। কিন্তু এটা সময়ত এটা কথা স্পষ্ট হ’ব যে বিভাগীয় দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা নাইবা পদবীৰ অভাৱৰ হেতু তেওঁ চাকৰি লাভৰ পৰা বঞ্চিত হ’ব। যিটো সম্প্ৰতি সহজলভ্য। ফলত তেওঁ অন্ততঃ কিছুদিনৰ বাবে বেকাৰ হৈ জীৱন পাৰ কৰিবলগীয়া হয়। আনহাতে যদি ছাত্ৰজন দ্বিতীয় বিভাগত তুলনামূলকভাৱে কম নম্বৰেৰে উত্তীৰ্ণ হয় তেন্তে ইয়াৰ প্ৰধান কাৰণ হ’ব পাৰে ছাত্ৰজনৰ পঢ়াৰ প্ৰতি অমনোযোগিতা নাইবা মূল্যাংকনৰ আসোঁৱাহ। যেনেকৈয়ে নহওক প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এটা পৰ্যায় অতিক্ৰম কৰিলে। কিন্তু যদি কেৱল প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ আশাৰে তেওঁ জীৱনৰ গতি নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয় আন আন পাঠ গ্ৰহণ কৰা নাই তেন্তে তেওঁ এটা চাকৰিৰ বাহিৰে অন্যান্য দিশেৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হ’ব। কিছু ক্ষেত্ৰত সাফল্য আহিব যদিও ই অত্যন্ত কষ্টসাধ্য হ’ব। আনহাতে যদি অধ্যয়ন কাৰ্য অব্যাহত ৰখাৰ মাজতে তেওঁ জীৱনটোক গঢ় দিয়াৰ বাবে প্ৰয়োজনীয় শিক্ষাৰে পুষ্ট হৈ উঠে তেন্তে তেওঁ লাভ কৰা পৰীক্ষাৰ ফলাফলটো জীৱনৰ উন্নতি অথবা আত্মপ্ৰতিষ্ঠাৰ বাটত হেঙাৰ হ’ব নোৱাৰে। এইক্ষেত্ৰত তেওঁ চাকৰি অবিহনেই নিজৰ সময়োচিত কৰ্মৰাজিৰে সমাজত তেওঁৰ অস্তিত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব আৰু ৰাইজৰ সমাদৰো লাভ কৰিব। যিটোৱে তেওঁক ভৱিষ্যৎ জীৱনৰ গতিপথ নিৰ্ধাৰণ কৰাত বিশেষভাৱে সহায় কৰিব।


সাম্প্ৰতিক সময়ত প্ৰতিজন অধ্যয়নৰত যুৱক বা যুৱতীৰ জীৱনলৈ এনেধৰণৰ জটিল পৰিস্থিতি আহি পৰাৰ সম্ভাৱনীয়তা আছে। কাৰণ দিনে দিনে কৰ্মসংস্থানৰ উৎস তুলনামূলকভাৱে হ্ৰাস পাবলৈ ধৰিছে। কিন্তু ইয়াৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ সংখ্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে। হয়তো এটা সময়ত প্ৰাৰ্থী অনুপাতে কৰ্মসংস্থানৰ উৎসৰ পৰিমাণ উপেক্ষণীয় হৈ পৰিব। গতিকে তেনে এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে নৱপ্ৰজন্মই নিজকে ইয়াৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰিহে জীৱন পথত অগ্ৰসৰ হোৱা উচিত। কাৰণ চাকৰি বা আত্মসংস্থাপনেই জীৱনৰ সফলতাৰ স্বাক্ষৰ বহন নকৰে। তাৰ বাবে প্ৰয়োজন একমাত্ৰ জীৱনৰ বাস্তৱ জ্ঞান। কাৰণ বৰেণ্য ব্যক্তিসকলে কৈ গৈছে— সকলো শিক্ষিত মানুহেই বিদ্বান নহয় (Every educated man is not learned man)। গতিকে প্ৰথমে আমি বিদ্বান হ’বলৈহে যত্নপৰ হোৱা উচিত। কাৰণ এজন বিদ্বান লোকৰ স্থান সমাজত বহু ওপৰত। অৱশ্যে তাৰ বাবে শিক্ষাৰো প্ৰয়োজনীয়তা আছে। কিন্তু ফলাফল নহয়। সেয়ে সাম্প্ৰতিক সময়ক পৰীক্ষা অথবা প্ৰতিযোগিতা সাপেক্ষে অনুকলন কৰিলে আমি পাওঁ— ফলাফল হৈছে জীৱনৰ বাস্তৱ ক্ষেত্ৰখনত প্ৰাপ্ত এটা আত্মসন্তুষ্টি মাথোঁ। ই কেতিয়াও জীৱনৰ সফলতা নিৰ্ণায়ক হ’ব নোৱাৰে।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+

Wednesday, October 14, 2015

সাংবাদিকতা বিক্ৰী হ’ব ধৰিছে নেকি?: ৰিংকু পাঠক

 8:55:00 PM     সাময়িক প্ৰসংগ     No comments   


বাতৰি আৰু বিজ্ঞাপন, দুয়োটাই সংবাদ মাধ্যমযোগে প্ৰচাৰিত হ’লেও দুয়োটাৰে মাজত পাৰ্থক্য আছে। সত্যতাৰ ওপৰত ভিত্তি কৰি সাংবাদিক এজনে বাতৰি এটা পৰিবেশন কৰে। বাতৰিটো পৰিবেশনৰ বাবদ সাংবাদিকজনে নিৰ্দিষ্ট সংবাদ গোষ্ঠীটোৰ পৰা দৰমহা বা পাৰিশ্ৰমিক লাভ কৰে। ইয়াৰ বাদে বাতৰিটোৰ লগত জড়িত কোনো পক্ষৰ পৰা সাংবাদিকজনে ধন গ্ৰহণ কৰিব নোৱাৰে। আনহাতে, ইলেক্ট্ৰনিক বা ছপা মাধ্যমত ধন দি কোনো ব্যক্তি বা অনুষ্ঠানৰ বক্তব্য বা ঘোষণা আদি প্ৰচাৰ কৰিলে, সেয়া বিজ্ঞাপন হিচাপে ধৰা হয়। বিজ্ঞাপনৰ সত্যাসত্যৰ প্ৰতি সংবাদ গোষ্ঠীসমূহ দায়বদ্ধ নহয়। সেয়ে, জনসাধাৰণৰ মনত বিজ্ঞাপনতকৈ বাতৰিৰ প্ৰভাৱ বেছি।

বাতৰিৰ প্ৰভাৱৰ ব্যাপকতাৰ বাবেই একাংশই তেওঁলোকৰ সপক্ষে অথবা তেওঁলোকৰ মন্তব্যক বাতৰি হিচাপে প্ৰচাৰ বা প্ৰকাশ কৰি স্বাৰ্থসিদ্ধি কৰিব বিচাৰে। ইয়াৰ বাবে একাংশ সংবাদ গোষ্ঠী আৰু এই ন্যস্তস্বাৰ্থজড়িত মহলৰ মাজত ধনৰ লেনদেন চলে। এই ন্যস্ত স্বাৰ্থজড়িত মহলৰ ভিতৰত ৰাজনৈতিক দল বা নেতা, দুৰ্নীতিগ্ৰস্ত আমোলা, পুঁজিপতি অথবা কৰ্পৰেট গোষ্ঠী আদি অন্তৰ্ভুক্ত। ধনৰ বুজাবুজিৰ বাবেই এওঁলোকৰ সপক্ষে সংবাদ মাধ্যমসমূহে যি বা-বাতৰি প্ৰচাৰ কৰে সেয়াই ‘পেইড নিউজ’। বিজ্ঞাপন সদৃশ এই বাতৰিসমূহত সংশ্লিষ্ট পক্ষৰ নেতিবাচক দিশবোৰক অন্ধকাৰত ৰাখি ইতিবাচক দিশবোৰক অতিৰঞ্জিতভাৱে প্ৰচাৰ কৰি পাঠক বা দৰ্শক-শ্ৰোতাক প্ৰভাৱিত কৰাৰ চেষ্টা কৰা হয়। প্ৰকৃত সংবাদত থাকিবলগীয়া সত্যতা, বস্তুধৰ্মিতা, সামাজিক দায়বদ্ধতা আদি  গুণসমূহ পেইড নিউজত অনুপস্থিত। ইয়াৰ জৰিয়তে মাথোঁ ধন দিওঁতাসকলৰ স্বাৰ্থ ৰক্ষাকহে গুৰুত্ব দিয়া হয়। 

ভাৰতীয় সংবাদ মাধ্যমত পেইড নিউজৰ অনুপ্ৰৱেশক শেহতীয়া ঘটনাৰূপে আখ্যা দিব নোৱাৰিলেও পূৰ্বতে ই আজিৰ দৰে ব্যাপক নাছিল। এইটো শতিকাৰ প্ৰথমটো দশকতহে পেইড নিউজ সম্পৰ্কীয় বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ উপ-সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটৰ বহু বাতৰিকাকতে পেইড নিউজ প্ৰকাশ কৰিছিল। একেদৰে ২০১২ চনৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনতো নিৰ্বাচন আয়োগে পেইড নিউজৰ বহু অভিযোগ লাভ কৰিছিল। আয়োগে লাভ কৰা এনে ৪৪৪ টা অভিযোগৰ ভিতৰত ২২৪ টাতেই জাননী জাৰি কৰিবলগীয়া হয়। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ নামো পেইড নিউজৰ সৈতে গুৰুতৰভাৱে সাঙোৰ খাই পৰিছিল। একেদৰে কমনৱেলথ গেমছৰ কেলেংকাৰীৰ নায়ক সুৰেশ কালমাডীয়েও দেশৰ আগশাৰীৰ সংবাদ মাধ্যমক ধন দিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। পেইড নিউজৰ ক্ষেত্ৰত অসমো পিচপৰি থকা বিধৰ নহয়। অসমৰ একাংশ সংবাদ মাধ্যমৰ পক্ষপাতদুষ্ট ভূমিকা সম্পৰ্কেও প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু  নিৰ্বাচন আয়োগে অভিযোগ লাভ কৰিছে। ২০১১ চনৰ নিৰ্বাচনৰ সময়ত লাভ কৰা এনে অভিযোগৰ মুঠ সংখ্যা ৪৬ টা। নিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰভাৱিত কৰাৰ উদ্দেশ্যে এই বাতৰিসমূহ প্ৰচাৰ কৰা হয়। নিৰ্দিষ্ট দল বা প্ৰাৰ্থীৰ অত্যধিক গুণানুকীৰ্তন, সৰ্বস্তৰৰ লোকৰ মাজত জনপ্ৰিয়তা অৰ্জন বা বিজয় নিশ্চিত আদি ধৰণৰ বাতৰি প্ৰচাৰ বা প্ৰকাশৰ জৰিয়তে ভোটাৰৰ মানসিকতাক প্ৰভাৱিত কৰাৰ চেষ্টা চলোৱা হয়। বাতৰিসমূহত সঠিকভাৱে বাই-লাইনো দিয়া নহয়। একেদৰে কিছুমান নিৰ্বাচনপূৰ্বক সমীক্ষাইয়ো একাংশ সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলৰ গোপন বুজাবুজিৰেই ইংগিত বহন কৰে। পূৰ্বতে এই অপচেষ্টা একাংশ মালিক অথবা দুই এজন অসাধু সাংবাদিক আৰু ৰাজনৈতিক নেতাৰ মাজত ব্যক্তিগত পৰ্যায়তে সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু বিভিন্ন সংবাদ গোষ্ঠীৰ মাজত বৃহৎ অংকৰ ধনৰ বুজাবুজি চলে বুলি চৰ্চাৰ সৃষ্টি হৈছে। যাৰ ফলত একাংশ সংবাদ গোষ্ঠীয়ে নিৰ্দিষ্ট দলৰ মুখপাত্ৰৰ ভূমিকাতো অৱতীৰ্ণ হয়। তদুপৰি ৰাজনৈতিক দলবোৰৰ দৰে সংবাদ মাধ্যমৰ মাজতেই এক অশুভ প্ৰতিযোগিতাৰো সৃষ্টি হৈছে।

সাংবাদিকতাক কলুষিত কৰা পেইড নিউজ প্ৰচাৰৰ চুক্তি কেৱল ৰাজনৈতিক দলসমূহৰ সৈতেই নচলে। বৰঞ্চ কৰ্প’ৰেট গোষ্ঠীসমূহো এইখক্ষেত্ৰত সমানে আগবঢ়া। বণিক গোষ্ঠীসমূহে মুনাফা লুটাৰ উদ্দেশ্যে একাংশ সংবাদ মাধ্যমত তেওঁলোকৰ সম্পৰ্কে বা উত্পাদিত সামগ্ৰী সম্পৰ্কে ইতিবাচক বাতৰি প্ৰচাৰ কৰা হয় একমাত্ৰ ধনৰ বুজাবুজিৰ বাবে। কিছুসংখ্যক সংবাদ গোষ্ঠীয়ে আকৌ ধনৰ লেনদেনৰ ভিত্তিত শ্ৰেষ্ঠ ব্ৰেণ্ড, দৰ্শকৰ পছন্দৰ কোম্পানী আদি বঁটাও প্ৰদান কৰে। একমাত্ৰ ধনৰ বিনিময়ত বণিক গোষ্ঠীসমূহক এনে স্বীকৃতি প্ৰদান কৰি মুনাফা ঘটাৰ পথ মুকলি কৰি দিয়া হয়। সংবাদ মাধ্যম আৰু পুঁজিপতিৰ মাজত চলা এনে বুজাবুজিৰ শেহতীয়া উদাহৰণ হ’ল সাৰদা কেলেংকাৰী। কেলেংকাৰীৰ মূল নায়ক সুদীপ্ত সেনে বহুসংখ্যক কাকত আৰু টিভি চেনেলক ধন দিয়াৰ তথ্য ইতিমধ্যে তদন্তত ফাদিল হৈছে। সাংবাদিকতাৰ পৱিত্ৰ বৃত্তিত কলংকৰ দাগ লগাই এই সংবাদ গোষ্ঠীসমূহ সেনৰ লুণ্ঠনৰাজৰ সহযোগী হৈ পৰিছিল। এনেধৰণৰ অবৈধ লেনদেনৰ বাবে চৰকাৰে বহু পৰিমাণৰ কৰ হেৰুৱাবলগীয়া হয়। তদুপৰি, সংবাদ মাধ্যম আৰু কৰ্প’ৰেট হাউছসমূহৰ মাজত হোৱা বহু আনুষ্ঠানিক চুক্তিয়েও সাংবাদিকতাৰ স্বচ্ছ নীতিক অৱমাননাহে কৰে।

গণতান্ত্ৰিক প্ৰক্ৰিয়াত সংবাদ মাধ্যমৰ ভূমিকা গুৰুত্বপূৰ্ণ। কিন্তু পেইড নিউজে শতাব্দী প্ৰাচীন ভাৰতীয় সংবাদ মাধ্যমৰ ঐতিহ্যত কালিমা সানিছে। সেয়ে পেইড নিউজৰ বিৰুদ্ধে বিভিন্ন পক্ষ সচেতন হৈ পৰিছে। Editors Guild of India-কে ধৰি সাংবাদিকসকলৰ বহু সংগঠনে পেইড নিউজ ৰোধৰ পন্থা গ্ৰহণৰ চিন্তা-চৰ্চা কৰি আহিছে। বহু সম্পাদক-সাংবাদিকে মন্তব্য কৰে যে মালিক পক্ষইহে তেওঁলোকক পেইড নিউজ প্ৰচাৰৰ বাবে হেঁচা প্ৰয়োগ কৰে। সেয়ে সাংবাদিকৰ বৃত্তিগত স্বাধীনতাৰো দাবী উত্থাপন হৈছে।

প্ৰচলিত বহু আইন আৰু আচৰণবিধিৰ দ্বাৰা পেইড নিউজ ৰোধ কৰিব পাৰি। প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিৰ্বাচন আয়োগে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। কিন্তু দুয়োটা অনুষ্ঠানে দাঁত নাইকিয়া বাঘৰ ভূমিকা লোৱা বুলিহে সমালোচিত হৈছে। বিশেষকৈ টিভি চেনেলসমূহক নিয়ন্ত্ৰণৰ সুস্পষ্ট নীতিৰ অভাৱে সমস্যাটো অধিক জটিল কৰিছে। ২০১১ চনৰ জুন মাহত স্থাপিত Broadcasting Authority of India–য়েও ঢাল তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকাতহে অৱতীৰ্ণ হৈছে। 

প্ৰায় ৭০ হাজাৰ বাতৰিকাকত আৰু ৪৫০ টা টিভি চেনেলেৰে ভাৰতবৰ্ষই বিশ্বৰ সাংবাদিকতাৰ ক্ষেত্ৰখনতে এক বিশেষ স্থান লাভ কৰিছে। কিন্তু পেইড নিউজৰ প্ৰচলন এই হাৰত অব্যাহত থাকিলে ভাৰতীয় সংবাদ মাধ্যমৰ মান-মৰ্যাদা পদদলিত হোৱাই নহয় ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰতিও ই সংকটৰ সৃষ্টি কৰিব।
Read More
  • Share This:  
  •  Facebook
  •  Twitter
  •  Google+
Older Posts Home

জনপ্ৰিয় লেখা

  • মমতাৰ চিঠি: হেম বৰুৱা
    মৰমৰ, এয়া ম’ম এডাল জ্বলাই লৈছো আজি বহুদিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাক আহি ম’মডাল কোবাইছে চাওঁ খিৰিকীখন জপাই দিওঁ সাত...
  • ৰঙা জিয়াঁ: মহিম বৰা
    হঠাৎ খলকে বুকু তীব্ৰ বেদনাত— অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত তাহানিৰ জীয়নীয়া মাছ? জ্বলিছিল সেই স্বপ্ন জানো ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা স...
  • বন্ধুত্ব এক চিৰসেউজ সম্পৰ্ক: শিৱ প্ৰসাদ হাজৰিকা
    (এক) আকাশৰ নীলা ডেউকাখনৰ তলত ইচ্ছা কৰিলেই আমি হেৰাই যাব পাৰো। মন গ’লেই গুচি যাব পাৰো আকাশৰ বিশালতালৈ আৰু চৌপাশে সিঁচি দিব পাৰো মুঠি মুঠি...
  • বিশ্বখনিকৰ: মফিজুদ্দিন আহমদ হাজৰিকা
    মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয় ১৮৭০ চনত ডিব্রুগড়ত। ১৮৯৬ চনত তেখেতৰ প্রথম কবিতাপুথি ‘জ্ঞানমালিনী’ প্রকাশ পায় আৰু প্রকাশৰ লগে লগে কবিতাসম...
  • আই: হীৰেন ভট্টাচাৰ্য
    (গৰ্কী শতবাৰ্ষিকী উপলক্ষে) আই! তোমাৰ স’তে শেষ দেখা মোৰ মনত নাই। আজি হঠাৎ তোমাৰ আঁচলেৰে ঢাকি অনা গোপন ইস্তাহাৰখনৰ কথাবোৰে দাৱনীৰ চোক ...

শিতান

  • মহীৰূহ
  • অভিজ্ঞতা
  • বোধিদ্রুম
  • ভাগৰি নাভাগৰা জীৱন
  • শিশু শিতান
  • গল্পৰ চলেৰে
  • লেছেৰি বুটলি
  • আত্মকথা
  • Mp3 কবিতা
  • জীৱনৰ বাটে-ঘাটে
  • সংক্ষিপ্ত
  • সহায়
  • Positive Voice
  • বৈদ্যুতিন পুথিভঁৰাল
  • সাময়িক প্ৰসংগ
  • সুবচন

বিশেষ লেখা

যদু নামৰ কবিজন: লক্ষ্য প্ৰহৰ বৰদলৈ

সৰু হৈ থাকোঁতে সাহিত্যিক বুলিলে মই যতীন্দ্ৰনাথ দুৱৰাদেৱক বাদে আন কাকো চিনি পোৱা নাছিলোঁ। লক্ষ্মীনাথ বেজবৰুৱাদেৱকো অৱশ্যে কিছু পৰিমাণে ভাল...

Facebook Page

Jibon Enedorei

আমাৰ সৈতে যোগাযোগ কৰিবলৈ

  • লেখা প্ৰেৰণ কৰিবলৈ
  • আমাৰ বিষয়ে
Protected by Copyscape

প্ৰয়োজনীয় যোগসূত্ৰ

  • Unable to read Assamese Unicode characters in your browser?
  • বাতৰিকাকতৰ ৱেবছাইটসমূহৰ ঠিকনা

Pageviews

ADVERTISEMENT

For Marketing Graphic Designs (Digital Graphics) like Social Media Ads, Banners, Infographics, Magazine & News Paper Ads, Newsletters, Album Arts, Concept Art, Illustrations etc.
Contact Us at :

PIXEL WEB & GRAPHIC SOLUTION
Tezpur, Assam
Email: contact.studiopixel@gmail.com

Copyright © জীৱন এনেদৰেই | Jibon Enedorei - An Inspirational Journey | Assamese Blog